অসম গণ পৰিষদত মোক্ষম আঘাত

78

কমলা কলিতাৰ সংগ এৰিলে বতাহীদিয়া গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে ৯ জন পঞ্চায়ত সদস্যই। ছয়গাঁও ৰাজীৱ ভৱনত শনিবাৰে নিশা প্ৰায় ১১ বজাত আটাইকেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছ দলত যোগদান কৰে। বতাহীদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাব হুছেইনৰ লগতে পঞ্চায়তৰ ৱাৰ্ড সদস্য আব্দুছ সুভান, ৰবিউল হক, আব্দুল বাৰিক, উচমান আলী, ৰবিউল হুছেইন, চনেজউদ্দিন ,বানিচ আলী, চাহজাহান আৰু চাহজাহান আলীৰ কংগ্ৰেছ দলত যোগদান।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল ৰেজ্জাকে আঁতধৰা এই অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ। গৰৈমাৰী জিলা পৰিষদৰ সদস্য ছাবেলউদ্দিনৰ লগতে কেবাগৰাকীও কংগ্ৰেছ নেতা। কংগ্ৰেছ দলত যোগদান কৰি পঞ্চায়ত সভাপতি আলতাব হুছেইনৰ মন্তব্য ৰাইজ যিফালেই যায় আমিও সেইফালেই যাব লাগে। ছয়গাঁও সমষ্টিৰ ৰাইজ এতিয়া বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত কমলা কলিতাৰ লগত নাই। পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে শতাধিক লোকেও নিশা কংগ্ৰেছ দলত যোগদান কৰে।