অসম কৃষি ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচেদৰ হব জুবিন গাৰ্গ!

101

ডিজিটেল ডেস্ক:- কেৱল ৰাজপথৰ আন্দোলনেই এটা জাতিৰ অস্তিত্ব জীয়াই ৰাখিব নোৱাৰে। জাতিটোক অধিক শক্তিশালী কৰি তুলিবলৈ গঢ়িব লাগিব কৰ্ম আন্দোলন। আৰু সেয়ে এইবাৰ কৰ্ম আন্দোলন গঢ়ি তোলাত আগভাগ লৈছে অসমৰ যুৱ প্ৰজন্মৰ নয়নৰ মণি জুবিন গাৰ্গে। এসপ্তাহ পূৰ্বে জুবিন গাৰ্গে কৰ্ম আন্দোলনৰ এক বৃহৎ পৰিকল্পনাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰিছিল।

তাৰ পিছতে শনিবাৰে বৃন্দাবন চুপাৰ মাৰ্কেট খোলাৰ প্ৰস্তাবেৰে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে সাক্ষাৎ কৰে কৃষিমন্ত্ৰী অতুল বৰাক। এই কথা সদৰী কৰি অতুল বৰাই কয়, “বৃন্দাবন ছুপাৰ মাৰ্ট খোলাৰ বাবে এটা প্ৰস্তাৱ লৈ আহিছে জুবিন গাৰ্গে। আমি কথা পাতিছো তেওঁৰ লগত। এই সময়ত অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পৰিছে। আমি কেনেকৈ যুৱক-যুৱতীক সহায় কৰিব পাৰো তাৰ বাবে চেষ্টা কৰিছো।”

ইফালে সংবাদ মাধ্যমৰ সন্মুখত কৃষিমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক কৃষি আৰু অনুষাংগিক ক্ষেত্ৰখনৰ ব্ৰেণ্ড এম্বেচেদৰ হোৱাৰ প্ৰস্তাৱ প্ৰদান কৰাৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ পিছত আমি জুবিন গাৰ্গক কৃষি আৰু অনুষাংগিক ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচেদৰ হোৱাৰ প্ৰস্তাৱ দিছোঁ। আমি আশা কৰোঁ তেওঁ প্ৰস্তাৱ গ্ৰহণ কৰিব।”

কৃষিমন্ত্ৰীৰ এই প্ৰস্তাৱ সন্দৰ্ভত জুবিন গাৰ্গে কয়, “ভাল হ’ব, কৰিব লগা কাম বহুত আছে। ব্ৰেণ্ডিং কৰিলে আমি কামবোৰ নিজেই কৰিব পাৰিম। কৰ’ণাৰ সন্ত্ৰাসৰ পিছতে আমাৰ লৰা-ছোৱালীবোৰ বেলেগকৈ প্ৰস্তুত হৈছে। নতুন প্ৰজন্মৰ সকলোকে আমাক লাগিব। কৰ’ণাই আমাক বেয়াৰ লগতে ভাল চিন্তাও দিছে। ডাঙৰকৈ ভাবিছো কথাবোৰ। আমাক সহায় লাগিব। আমি ষ্টেপ বাই ষ্টেপ কামবোৰ কৰি যাম।”