ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাই আৰু অন্যান্য খেলুৱৈসকলক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰে।
এই সন্মানৰ মনোনয়ন তালিকাখন ২ নৱেম্বৰত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰিছিল। এই তালিকাত অন্তৰ্ভুক্ত ১২ গৰাকী ক্ৰীড়াবিদৰ ভিতৰত আছে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা, মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়া, ফুটবলাৰ সুনীল চেত্ৰী, ক্ৰিকেটাৰ মিতালী ৰাজ, লাভলীনা বৰগোঁহাই।
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি কোবিন্দে লাভলীনাক সন্মানীয় বঁটা প্ৰদান কৰে। তেওঁ মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীক গৌৰৱাম্বিত কৰিছিল।
টকিঅ’ অলিম্পিকত জেভেলিন থ্ৰোত স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰা ট্ৰেক এণ্ড ফিল্ড এথলেটিকছত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয়। আনহাতে ভাৰতীয় মহিলা এদিনীয়া দলৰ অধিনায়ক মিতালী ৰাজকো খেল ৰত্ন প্ৰদান কৰা হয়। তেওঁ মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰূপে খ্যাতি অর্জন কৰে।