অসম কন্যা লাভলীনালৈ অহা ৫ বছৰৰ বাবে ফ্ৰী গাহৰি মাংস…

96

ডিজিটেল ডেস্কঃ অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে অহা ৫ বছৰলৈ ফ্ৰী-তে খাবলৈ পাব গাহৰি মাংস। শুনিবলৈ আচৰিত যেন লাগিলেও লাভলীনাৰ সফলতাৰ বাবে এই উপহাৰ আগবঢ়াইছে অসমৰ Symbiotic Foods-এ।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত পদক অৰ্জনৰ পিছত মণিপুৰৰ কন্যা মীৰাবাঈ চানুক গোটেই জীৱন বিনামূলীয়াকৈ পিজ্জা যোগান ধৰাৰ ঘোষণা কৰিছিল এটা পিজ্জা কোম্পানীয়ে। সেই পদাংককে অনুসৰণ কৰি অসম কন্যা লাভলীনাকো এইবাৰ গাহৰি মাংস যোগান ধৰাৰ ঘোষণা কৰিছে Symbiotic Foods-এ।

Symbiotic Foodsৰ CEO মনোজ কুমাৰ বসুমতাৰীয়ে এই সন্দৰ্ভত কয় যে এয়া লাভলীনাৰ ঐতিহাসিক বিজয়ৰ বাবে সামান্য মৰম মাথো। লাভলীনাই অহা ৫ বছৰলৈ বিনামূলীয়াকৈ গাহৰি মাংস খাব পাৰিব।