ষ্টাফৰিপোৰ্টাৰ,৪ এপ্ৰিল: কৰ’না ভাইৰাছৰ সংক্ৰমণে এতিয়া অসমতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দৈনিক কৰ’নাত আক্ৰান্তৰ সংখ্যা ৰাজ্য খনত বৃদ্ধি পোৱা ঘটনাই অনাগত দিনত অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ইংগিত দিছে। এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰৰ এনে প্ৰচেষ্টাক অধিক সবল ৰূপ দিয়াৰ উদ্দেশ্যে বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ আৰ্থিক অনুদান প্ৰদান কৰে। বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে জানিবলৈ এক বিবৃতি যোগে কয় ‘বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে অসম আৰোগ্য নিধিত ৫ লাখ টকাৰ অনুদান আগবঢ়ায়।অনলাইন যোগে উক্ত ধনৰাশি অসম আৰোগ্য নিধিৰ একাউন্টত প্ৰদান কৰে সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে।
Latest article
সামগ্ৰীৰ উন্নীতকৰণেৰে টিকেএম-এ মুকলি কৰিলে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ
টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে...
ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা
ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫...
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল তিনিজনকৈ লোকৰ
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে...