অসম আৰক্ষীৰ ৪ বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধন পাৰদৰ্শিকতা বঁটা

331

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমবাসীলৈ গৌঢ়ব কঢ়িয়াই আনিবলৈ সক্ষম হ’ল অসম আৰক্ষীয়ে।

অসমৰ ৪ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ গৃৃহমন্ত্ৰীৰ অনুসন্ধন পাৰদৰ্শিকতা বঁটা।

অসমৰ এই বঁটা লাভ কৰিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়াই।

উল্লেখ্য যে, ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৫১গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আগবঢ়াইছে এই বিশেষ সন্মান।