অসম আৰক্ষীত পুনৰ ৰদ-বদল…

113

পুনৰ অসম আৰক্ষীত ৰদ-বদল কৰিলে গৃহ বিভাগে। ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা জাননীযোগে এই ৰদ-বদল সম্পৰ্কে জানিবলৈ দিয়ে। নতুন সালসলনি অনুসৰি কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)লৈ বদলি কৰা হৈছে। সেইদৰে অসম আৰক্ষীৰ চৰ্তুথ বেটেলিয়নৰ সহকাৰী অধিনায়ক দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে।

আনহাতে দৌলাশালৰ ১৪নং আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদত নিযুক্তি প্ৰদান কৰা হৈছে। চতুৰ্থ আৰক্ষী বেটেলিয়নৰ সহকাৰী বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাক বদলি কৰা হৈছে চিৰাং জিলাৰ উপ–আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) পদলৈ।

সেইদৰে দেৰগাঁৱৰ একাদশ আৰক্ষী বেটেলিয়ন (বৰ্তমান চি আই ডিত অতিৰিক্তভাৱে কৰ্তব্যৰত) উপ–আৰক্ষী অধীক্ষক মৃদুল বৰুৱাক চি আই ডিৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। মানজাৰ ২৩নং আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক আব্দুল ৰচিদক বৰমণিপুৰৰ ১৬নং আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক পদলৈ বদলি কৰিছে গৃহ বিভাগে। পাণবাৰীৰ ২০তম আই আৰ বেটেলিয়নৰ উপ–আৰক্ষী অধীক্ষক জীয়াউৰ ৰহমানক চি আই ডিৰ উপ–আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে।