অসম আৰক্ষীক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া মিজোৰামৰ সাংসদৰ বিৰুদ্ধে তদন্ত কৰিব CIDয়ে

3797

ডিজিটেল ডেস্কঃ অসম আৰক্ষীক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া মিজোৰামৰ ৰাজ্যসভা সাংসদ কে ভানলাভেনাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আগবাঢ়িছে চিআইডিয়ে। চিআইডিৰ লগতে অসম আৰক্ষীৰ এটা দল সাংসদজনক সোধা-পোছা কৰিবৰ বাবে ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে।

উল্লেখ্য যে, অসম আৰু মিজোৰামৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে অসম আৰক্ষীক মুকলিকৈ হত্যাৰ ভাবুকি প্ৰদান কৰিছিল মিজোৰামৰ বিজেপি মিত্ৰজোঁটৰ দল মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতা কে ভালনাভেনাই। সংসদ ভৱনৰ সন্মুখত অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে অসম আৰক্ষীক ভাবুকি প্ৰদান কৰিছিল। তেওঁ কয়, ‘২০০ তকৈও অধিক আৰক্ষীয়ে অঞ্চলটোত প্ৰৱেশ কৰিছিল আৰু আমাৰ আৰক্ষীসকলক আমাৰ নিজৰ চৌকিৰ পৰা আঁতৰাই দিছিল আৰু আমাৰ পৰা গুলীচালনা কৰাৰ আগতে প্ৰথম গুলীচালনাৰ নিৰ্দেশ দিছিল। তেওঁলোক ভাগ্যৱান আছিল যে আমি তেওঁলোকক হত্যা কৰা নাছিলো। যদি এয়া পুনৰ হয়, আমি তেওঁলোকক হত্যা কৰিম।’

সাংসদজনৰ এনে মন্তব্যৰ পিছতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। সাংসদ জনৰ বিৰুদ্ধে চিআইডিৰ দ্বাৰা তদন্ত কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই। প্ৰণিধানযোগ্য যে, অসম-মিজোৰামৰ সীমান্তৱৰ্তী লাইলাপুৰত অসমৰ ভূমি বেদখল কৰা মিজো লোকক খেদি পঠিয়াবলৈ যাওতে মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীচালনাত ৬ গৰাকী অসম আৰক্ষীৰ জোৱান সহ ৭ জন লোকৰ মৃত্যু ঘটে। এই সীমা বিবাদে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে।