ষ্টাফৰিপৰ্টাৰ, ২২ জুন : দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব যোৱাৰ বাবে হত্যাৰ ভাবুকিৰ সন্মুখীন হৈছে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস। সোমবাৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় ” অসম অনুসূচীত জাতি উন্নয়ন নিগম আৰু অসম অনুসূচীত জাতি কল্যাণ বিভাগত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নাম লৈ কিশোৰ বণিয়াই লুণ্ঠনৰাজ চলাই থকা তথ্য পোহৰলৈ অহাৰ পাছত মোক প্ৰাণে মৰাৰ চেষ্টা চলাইছে। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি বুলি দাবী কৰা কিশোৰ বণিয়াই তেওঁৰ ব্যক্তিগত বেংক একাউণ্ট নং ৫০১২২০১১০০০০১৭১ বেংক অৱ ইণ্ডিয়াত লাখে লাখে টকা সংগ্ৰহ কৰিছে। এই সকলো কথা পোহৰলৈ অহাৰ ভয়ত আৰু একনায়কত্ববাদৰ অৱসান ঘটাৰ ভয়ত ৰাজনৈতিক বলত বলীয়ান হৈ যুগল কিশোৰ বণিয়াই মোক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। এই বিষয় সন্দৰ্ভত আমাৰ সন্থাৰ তৰফৰ পৰা আৰু মই নিজাববীয়াকৈ দুটা গোচৰ দিছপুৰ থানাত ৰুজু কৰিছোঁ।
তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাৰ্ষ্ট ট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলাবলৈ দাবী জনালোঁ। তেওঁৰ নেতৃত্বত অসম অনুসূচীত জাতি উন্নয়ন নিগমত চলা চিণ্ডিকেটৰাজ শিঘ্ৰে বন্ধ কৰাৰ দাবী জনালোঁ।
একে সময়তে দুস্কৃতিকাৰীয়ে নিৰীহ খাটিখোৱা লোকক অবাধে হত্যাকাণ্ড সংঘটিত কৰিছে। সেইবোৰ নৰপিশাচক ফাঁচীৰ দাবী জনালোঁ। লগতে অনুসূচীত লোকসকলৰ উন্নয়নৰ বাবে নিম্নমানৰ সামগ্ৰী যোগানৰ বিপৰীতে অনুসূচীত জাতি লোকসকলৰ দুখীয়া পৰিয়ালক ৫০ হাজাৰ, নিবনুৱা যুৱকক ২৫ হাজাৰ আৰু দুখীয়া শিপিনীক ১০ হাজাৰকৈ এককালীন সহার্য দিয়াৰ দাবী জনালোঁ। “
