অসমৰ ৫টা মুছলমান সম্প্ৰদায়ক খিলঞ্জীয়াৰ স্বীকৃতি চৰকাৰৰ…

288

অসম চৰকাৰে মঙলবাৰে পাঁচটা অসমীয়া মুছলমান সম্প্ৰদায়ক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে স্বীকৃতি প্ৰদান কৰে। টুইটযোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক কেবিনেট বৈঠকৰ সময়ত অসমীয়া মুছলমান সম্প্ৰদায় অৰ্থাৎ, গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে, “আমাৰ সাপ্তাহিক অসম মন্ত্ৰীসভাত আমি পুৰণি বাহন বাতিল কৰা, ৫টা খিলঞ্জীয়া মুছলমান গোটক স্বীকৃতি, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ বিধৱা পত্নীক সম্পত্তি কৰ পৰিশোধৰ পৰা ৰেহাই দিয়া, নবীকৰণযোগ্য শক্তি বৃদ্ধি কৰা, আৰু উন্নতি সাধন কৰা আদি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰো।’

তেওঁ কয় যে স্বাস্থ্য সুবিধা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা উপকাৰী হ’ব।

কেবিনেট বৈঠকত পুৰণি বাহন বাতিল কৰা, প্ৰাক্তন সেনা আৰু তেওঁলোকৰ বিধৱাসকলক সম্পত্তি কৰ পৰিশোধৰ পৰা ৰেহাই দিয়া, নবীকৰণযোগ্য শক্তি বৃদ্ধি কৰা, তথ্যৰ প্ৰৱেশ উন্নত কৰা আদি সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সন্দৰ্ভত ৰাজ্য সভাত অসম পৌৰসভা আইন ১৯৫৬ আৰু গুৱাহাটী পৌৰ নিগম আইন ১৯৬৯ সংশোধন কৰি প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ বিধৱা পত্নীক সম্পত্তি কৰ আদায় দিয়াৰ পৰা ৰেহাই দিবলৈ বিধেয়ক দাখিল কৰা হ’ব বুলি সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে।