ষ্টাফ ৰিপোৰ্টাৰ: সৰ্বত্ৰ এতিয়া কৰ’ণা ভাইৰাছৰ সংহাৰ। কৰ’ণাক প্ৰতিহত কৰিবলৈ চলি থকা ল’ক ডাউনৰ ফলত বৰ্তমান বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। যাৰফলত পিছপৰি ৰৈছে পাঠ্যক্ৰম। তাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। অসমৰ শিক্ষা বৰ্ষ এইবাৰ ডিচেম্বৰৰ পৰিৱৰ্তে ৩১ মাৰ্চত শেষ কৰাৰ সম্ভাৱনা। এই সন্বন্ধে পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে শিক্ষা বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’ব।
ইফালে যোৱা ১ মে’ৰ পৰা ৩১ মে’লৈকে গৰমবন্ধ ঘোষণা কৰে ৰাজ্য চৰকাৰে। আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ পিছত মাৰ্কশ্বিট লগে লগে দিয়া নহ’ব। তাৰ পৰিৱৰ্তে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তেই কলেজত নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীসকলে। এই কথা সংবাদমাধ্যমক জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।