অসমৰ বীৰ সৈন্যসকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি

82

ষ্টাফৰিপৰ্টাৰ, ১৬৬৯ চনৰ ঐতিহাসিক আলাবৈৰ ৰণত মোগলৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া অসমৰ বীৰ সৈন্যসকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কামৰূপ জিলাৰ দদৰাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বীৰ শ্বহীদসকলৰ স্বদেশপ্ৰেম আৰু অদম্য পৰাক্ৰমৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।