অসমৰ বাবে এক ঐতিহাসিক দিন

76

অসমৰ বাবে এক ঐতিহাসিক দিন।

চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি।

আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি।

ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।

কাজিৰঙা,মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি।

অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।

নতুন দিল্লীত ইউনেস্ক’ৰ বিষয়ববীয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।