উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশ দিনটোত অসমলৈ আহিল বিশেষ খবৰটো। দুগৰাকীকৈ অসমীয়া মহিলা বক্সাৰে লাভ কৰিলে সোণৰ পদক। লগতে আন দুজন পুৰুষ বক্সাৰে আঁজুৰিলে ৰূপৰ পদক। দীৰ্ঘবিৰতিৰ অন্তত এয়া অসমৰ বাবে চমকপদ সাফল্য। যাৰ বাবে উৎফুল্লিত হৈ পৰিছে অসমীয়া। উল্লেখযোগ্য যে দুবাৰ অলিম্পিয়ান তথা টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক প্ৰাপ্ত লাভলীনা বৰগোঁহায়ে লাভ কৰিলে সোণৰ পদক। লগতে আনটো সোণৰ পদক আঁজুৰিলে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে। ইয়াৰ উপৰিও অলিম্পিয়ান শিৱ থাপা, নৱাগত অভিনৱ শইকীয়াই আজি লাভ কৰে ৰূপৰ পদক।যাৰ বাবে উৎফুল্লিত হৈ পৰিছে অসমীয়া।