অসমৰ বন্যাৰ্তৰ বাবে ২৫ লাখ টকাৰ সাহায্য অভিনেতা আমীৰ খানৰ

157

বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক আমিৰ খানে অসমৰ বানপীড়িত জনসাধাৰণৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াইছে।

এই কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত প্ৰকাশ কৰে।

টুইটাৰত মুখ্যমন্ত্ৰীয়ে আমিৰ খানৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লিখিছে, “বলীউডৰ বিশিষ্ট অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ উদাৰ বৰঙণি আগবঢ়াই আমাৰ ৰাজ্যৰ বানপীড়িত জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে। তেওঁৰ চিন্তা আৰু উদাৰতাৰ কাৰ্য্যৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা।”

ইয়াৰ পূৰ্বে মুকেশ আম্বানীয়ে ২৫ কোটি টকা, বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ, পৰিচালক ৰোহিত শ্বেট্টী আৰু গায়ক চনু নিগমে ৫ লাখকৈ টকাকৈ আগবঢ়াইছিল মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ। আনহাতে সংগীত প্ৰযোজক ভূষণ কুমাৰেও অসমৰ বানপীড়িত জনসাধাৰণৰ বাবে ১১ লাখ টকা অনুদান আগবঢ়ায়।