অসমৰ বন্যাৰ্তৰ বাবে ১১ লাখ টকা ছবি নিৰ্মাতা কৰণ জোহৰৰ

110

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে অসমৰ বানপীড়িত অঞ্চলসমূহত সাহায্য অভিযানৰ বাবে মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১১ লাখ টকা অনুদান আগবঢ়ায়।

ৰাজ্যৰ কেইবাখনো অঞ্চলত বানপানীয়ে বিধ্বস্ত কৰাৰ পিছত অসমৰ ভয়াৱহ সংকটৰ সময়ত আগবাঢ়ি অহা কেইবাগৰাকী চেলিব্ৰিটিৰ ভিতৰত আছে বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা গৰাকী।

টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছবি নিৰ্মাতাগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লিখিছে, “চিএম ৰিলিফ ফাণ্ডলৈ ১১ লাখ টকা আগবঢ়োৱাৰ বাবে চলচ্চিত্ৰ প্ৰযোজক কৰণ জোহৰ আৰু ধৰ্মা প্ৰডাকচনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

ইফালে, মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিৰ দিশত অনুদান আগবঢ়াবলৈ সমগ্ৰ বলীউডক একত্ৰিত কৰা পৰিচালক ৰোহিত শ্বেট্টীকো অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শলাগ লয়।