অসমৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশন প্ৰতাপ বৰদলৈৰ দেহাৱসান

75

অসমৰ প্ৰথমগৰাকী বাতৰি ঘোষক, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ বৰদলৈয়ে শনিবাৰে পুৱা মহানগৰীৰ জোনালীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী বাতৰি পৰিবেশক প্ৰতাপ বৰদৈলৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ। তেওঁ দীৰ্ঘদিব ধৰি অসুস্থ হৈ থকাৰ পিছত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

ৰেডিঅ’ৰ বাতৰি পৰিৱেশক হিচাপে যথেষ্ট জনপ্ৰিয়ত অৰ্জন কৰা বৰদলৈয়ে অসমৰ দুৰদৰ্শনৰ সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী দুৰদৰ্শনৰ সৈতে জড়িত হৈ পৰিছিল।

দুৰদৰ্শনতো প্ৰথম অসমীয়া বাতৰি পঢ়োতা আছিল প্ৰতাপ বৰদলৈ। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা অৱসৰ লোৱাৰ পিছত বৰদলৈয়ে ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰেও জড়িত হৈ পৰিছিল। ৰুচীসন্মত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত অসমৰ সংবাদজগতৰ বাটকটীয়া আছিল তেওঁ।