অসমৰ দুই যুৱকক সন্দেহজনক নগা দুৰ্বৃত্তই অপহৰণ কৰি নি বৰ্বৰ নিৰ্যাতন চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোণাৰিৰ কানুবাৰী বালিজান গ্ৰাণ্টৰ যুৱক দুজনক সন্দেহজনক NSCNৰ দুৰ্বৃত্তই অপহৰণ কৰি বৰ্বৰ নিৰ্যাতন চলোৱাৰ উপৰিও গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়ে আৰু মাটিত পুতি থোৱাৰ চেষ্টা চলায়। অৱশ্যে নগা দুৰ্বৃত্তৰ এই নিৰ্মম কাণ্ডৰ বিষয়ে জানিব পাৰি অসম ৰাইফলছে অভিযান চলাই আঘাতপ্ৰাপ্ত যুৱক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱক দুজনৰ পৰিচয় ক্ৰমে প্ৰাঞ্জল বাচা আৰু নৱজিৎ লাহন বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে অসম ৰাইফলছৰ অভিযানৰ খবৰ লাভ কৰি দুৰ্বৃত্তৰ দলটোৱে যুৱক দুজনক এৰি পলায়ন কৰে।
ইফালে অসমৰ লোকৰ ওপৰত নগা দুৰ্বৃত্তই চলাই অহা আক্ৰমণৰ ঘটনাই উত্তৰ-পূবৰ ৰাজ্য দুখনৰ সম্প্ৰীতিৰ মাজত ব্যাঘাত জন্মাব বুলি আশংকা কৰিছে বিভিন্ন জনে। নগা দুৰ্বৃত্তৰ এনে বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে।
