ষ্টাফৰিপৰ্টাৰ, ১৭ জুন : অসমীয়া জাতিক চৰম আমানা পুনৰবাৰ কৰা হৈছে। এইবাৰ অসমীয়া জাতিৰ জাতীয় আৱেগৰ প্ৰাণস্বৰূপ বিহুক এটা বিড়িৰ পেকেটত আঁৰি জাতিটোক অপমান কৰিছে বহিৰাগত ব্যৱসায়ীয়ে। উল্লেখযোগ্য বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙাৰ প্ৰদীপ বিড়ি নামৰ কোম্পানীটোৱে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৬২৯২৬/২০০২ৰ বিড়ি পেকেটত বিহু নৃত্যৰ ফটো লগাই বজাৰত উলিয়াই দিছে।প্ৰদীপ বিড়িৰ পেকেটত বিহুৱতীৰ ফটো ছপোৱা অসমীয়াৰ বাবে এক চৰম অপমান বুলি ছচিয়েল মিডিয়াত ইতিমধ্যে বহুতেই অভিহিত কৰিছে।অচিৰেই বিড়িৰ পেকেটটোৰ পৰা বিহুৱতীৰ ফটো অঁতৰাই দিয়াৰ দাবী কৰাৰ লগতে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বহুজনে অসম চৰকাৰক আহ্বান জনাইছে।