অসমীয়া জাতিধ্বংস যজ্ঞৰ প্ৰধান পুৰোহিত হৈছে মুখ্যমন্ত্রী সোণোৱাল – তৰুণ গগৈ

92

ষ্টাফৰিপৰ্টাৰ, ৩ জুলাই : অসম চৰকাৰৰ কেবিনেটে
২৯ জুনত কৃষিভূমিৰ শ্ৰেণী বিভাজন নকৰাকৈ অত্যন্ত সৰলীকৃত ভাৱে উদ্যোগ স্থাপন কৰিবলৈ বণিক গোষ্ঠীক সুবিধা দিবৰ বাবে যি সিদ্ধান্ত গ্রহণ কৰিছে তাৰ দ্বাৰা অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন হ’ব। এই সিদ্ধান্ত খিলঞ্জীয়া স্বাৰ্থ বিৰোধী আৰু অসমীয়া জাতিক ধ্বংস কৰাৰ এটা সুপৰিকল্পিত ষড়যন্ত্ৰ। সোণোৱাল চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰাৰ নামত ৰাইজৰ ভোট লৈ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত এই প্ৰতিশ্ৰুতি এতিয়া ধোৱা চাঙত পৰিণত হ’ল।এটা কথা সকলোৱে স্বীকাৰ কৰে যে গুৱাহাটীকে ধৰি অসমৰ সকলো নগৰ চহৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত মাটি এতিয়া খিলঞ্জীয়া লোকৰ হাতত নাই । কেবিনেটৰ যোগেদি চৰকাৰে যি অধ্যাদেশ আনিছে এনে ধৰণৰ পদক্ষেপ গুজৰাট আৰু ৰাজস্থান চৰকাৰে পূর্বে জাৰি কৰিছে বুলি কৈ অসমত ইয়াৰ আৱশ্যকতা প্ৰতিপন্ন কৰিবলৈ গৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিজৰ অজ্ঞতাৰ পৰিচয়হে ডাঙি ধৰিছে । আমি জনাত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ, বিহাৰ, উৰিষ্যা আদি ৰাজ্যতো খেতিয়কৰ বৃহৎ স্বাৰ্থৰ খাতিৰত কৃষি ভূমিত এনেদৰে উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ উদ্যোগপতি সকলক সহায় কৰাৰ ব্যৱস্থা নাই । গুজৰাট আৰু ৰাজস্থান দুয়োখন ৰাজ্যৰ উদ্যোগীক ক্ষেত্র, বেহা-বেপাৰ বা আন আন দিশত অসমতকৈ যথেষ্ট আগবঢ়া আৰু তেওঁলোকৰ ব্যৱসায় বাণিজ্য স্হানীয় গুজৰাটী বা মাৰোৱাৰী লোকৰ হাততে আছে ।আনহাতে অসমৰ উদ্যোগ,বেপাৰ বাণিজ্যৰ সৰহভাগেই খিলঞ্জীয়াৰ হাতত নাই । ইয়াৰোপৰি, এফালে বান,গৰা-খহনীয়াৰ ফলত প্ৰতিবছৰে অসমৰ কৃষকে হাজাৰ হাজাৰ বিঘা মাটি হেৰুৱাই গৃহহীন,ভূমিহীন হৈ নানান দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।এতিয়া এনে হঠকাৰী সিদ্ধান্তৰ ফলত বহু কৃষক পথৰ ভিক্ষাৰীত পৰিণত হোৱাৰ আশংকা আছে।
আমিও উদ্যোগীকৰণ আৰু বিনিয়োগ বিচাৰোঁ। তাৰবাবে চৰকাৰে প্ৰণালী বদ্ধ ভাবে কোন অঞ্চলত কেনেধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব লাগিব সেই অনুসৰি তাৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা উচিত। আমি ভাবো এনে ক্ষেত্ৰত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিয়া উচিত । বৰ্তমান অসমৰ প্ৰায় এক লাখ মান ক্ষুদ্ৰ, মজলীয়া উদ্যোগৰ অৱস্থা অতি শোচনীয় আৰু সেইসমূহৰ পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে চৰকাৰে অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটোহে অতি প্ৰয়োজন। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে তেনে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই।
সম্প্ৰতি ৰাজ্যখনত ভয়াৱহ কভিড-১৯ সংক্ৰমণৰ সময়ত সোণোৱাল চৰকাৰে এনে এখন জাতিধ্বংসী অধ্যাদেশ অনাৰ যুক্তিযুক্ততা আমি বিচাৰি পোৱা নাই। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে সমগ্র অসমতে বিভিন্ন দল, সংগঠন সমূহ জাঙুৰ খাই উঠাটো স্বাভাৱিক। এতিয়া শাসনৰ গাদীত বহি
অসম আন্দোলন আৰু অসম চুক্তি কিয় স্বাক্ষৰিত হৈছিল সেই কথা সোণোৱাল ডাঙৰীয়াই পাহৰিলে নেকি? অসম চুক্তিৰ ৬ নং দফাৰ কথাও মুখ্যমন্ত্রীয়ে পাহৰিলে নেকি?সেই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চ পয্যায়ৰ কমিটিয়ে কেইমাহমানৰ আগতে খোদ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰা সত্বেও সেইখনৰ কি হ’ল? কেন্দ্রীয় গৃহমন্ত্রী বা প্ৰধান মন্ত্ৰীক মুখ্যমন্ত্রীয়ে সেইখন প্ৰদান কৰিলেনে?আমি জনাত সেই প্ৰতিবেদনৰ ৰুপায়ণ বাদেই ই ধোঁৱা চাঙত হে পৰিণত হ’ল। ইয়াৰ পৰিৱর্তে মুখ্যমন্ত্রী সোণোৱালে
“কা” ৰ দ্বাৰা বাংলাদেশী সকলক আদৰিবলৈ ৰঙা দলিচা পাৰি আগ্ৰহেৰে অপেক্ষা কৰি আছে । আৰু এতিয়া যি অলপ মাটি-ভেটি খিলঞ্জীয়া খেতিয়কৰ হাতত আছে সেইখিনিও বনিয়াৰ হাতলৈ হস্তান্তৰ কৰাৰ বাবে উঠি পৰি লাগিছে।
ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট ৰূপত প্ৰতীয়মান হৈছে যে মুখ্যমন্ত্রী সোণোৱাল ডাঙৰীয়া এতিয়া ক্ষমতাৰ বলেৰে বলীয়ান হৈ অসমীয়া জাতিধ্বংস কৰা যজ্ঞৰ প্ৰধান পুৰোহিত হৈ বনিয়া সকলৰ প্ৰিয়পাত্ৰ হ’বলৈহে প্ৰচেষ্টা চলাইছে ।”