অসমত ১৫ আগষ্ট পর্যন্ত কিছু বাধ্যবাধকতা-হিমন্ত বিশ্ব শৰ্মা

89

ষ্টাফৰিপৰ্টাৰ, কেন্দ্রীয় চৰকাৰে পহিলা আগষ্টৰ পৰা সমগ্র দেশত আৰু কিছু শিথিলতাৰে আনলক–৩ আৰম্ভ কৰাৰ ঘোষণা কৰিছে যদিও অসমত ১৫ আগষ্ট পর্যন্ত কিছু বাধ্যবাধকতা থাকিব৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷মন্ত্রী ড০ শর্মাই লগতে কয় ‘আগন্তুক ১৫ আগষ্টলৈ অসমে সীমিত আনলক–সীমিত লকডাউনৰ মাজত থাকিব লাগিব৷ অহা দুই আগষ্টত পৰিস্থিতিৰ পর্যালোচনা কৰি চৰকাৰে কিছু নতুন পদক্ষেপ গ্রহণ কৰিব যদিও ১৫ আগষ্টলৈ কিছু বাধ্যবাধকতা বাহাল থাকিব৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰি মন্ত্রী ড০ শর্মাই কয় সম্প্রতি অসমৰ পৰিৱেশ অলপ ভাললৈ আহিছে৷ সেই ভাললৈ অহা পৰিৱেশটো চৰকাৰে হাতৰ পৰা ওলাই যাব দিব বিচৰা নাই৷ ইয়াৰ বাবে ১৫ আগষ্টলৈ ৰাজ্য চৰকাৰে অসমত কিছু বাধ্যবাধকতা অক্ষুণ্ণ ৰাখিব বিচাৰিছে৷ কাৰণ একেবাৰে শিথিলতা আহি গ’লে ভাললৈ অহা পৰিৱেশ পুনৰ অন্য দিশে ঢ়াল খোৱাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ মন্ত্রী ড০ শর্মাই টুইটাৰত প্রকাশ কৰা অনুসৰি কামৰূপ (মহানগৰ) জিলা প্রশাসনে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ৪,২৬৭টা ক’ভিডৰ নমুনা পৰীক্ষা সম্পন্ন কৰে৷ অচিৰেই এই সংখ্যা দৈনিক ৫ হাজাৰ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷