অসমত ১৫৫৪৫৩জনলৈ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা

91

গুৱাহাটীঃ অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া বিটিএডি নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। আনকি খোদ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়েই এতিয়া কোভিড প্ৰট’কল ভংগ কৰি বিটিএডিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ অভিযোগ উঠিছে। তেনে ক্ষেত্ৰত ৰাজ্যত কোৰোনা ভাইৰাছ বা কোভিড-১৯ৰ ভয়াবহ গণ সংক্ৰমণৰ আশংকাও ব্যক্ত কৰিছে বিভিন্নজনে। কিয়নো ৰাজ্যত এতিয়াও ক্ৰমাৎ বৃদ্ধি পায়েই আছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত শনিবাৰ পৰ্যন্ত ১৫৫৪৫৩জনলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰৰ দিনটোতে ৰাজ্যত নতুনকৈ ২৫৯৫ জনৰ দেহত কোভিড-১৯ ধৰা পৰে। ইফালে এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত ১২৫৫৪০জন সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। অসমত শনিবাৰ পৰ্যন্ত ৫৪৮ জন ৰোগীৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।