অসমত বাসকৰা সকলো সম্প্ৰদায়ে প্ৰকৃত অসমীয়া : এবিএমছু

250

অসমত গৰীয়া, মৰীয়া আদি সম্প্ৰদায়ৰ ব্যক্তি সকলক নতুনকৈ খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই । অসমত বাসকৰা সকলো সম্প্ৰদায়ে প্ৰকৃত অসমীয়া : এবিএমছু ।

অসমত বাসকৰা সকলো মুছলমানে প্ৰকৃত অসমীয়া ।

নতুনকৈ গৰীয়া, মৰীয়া আদিকৰি মুছলমান সম্প্ৰদায়ৰ ব্যক্তি সকলক খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই ।

বাক্সা জিলাৰ শিমলাবাৰীত অনুষ্ঠিত হোৱা এবিএমছুৰ সাধাৰণ সভাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে গুৰুত্বপূৰ্ণ মন্ত্যব্য প্ৰকাশ কৰে এবিএমছুৰ সভাপতি মফিদুল ইছলামে ।

সভাপতি গৰাকীয়ে কয় যে এই সকল সম্প্ৰদায়ৰ লোক পুৰ্বৰ পৰা অসমীয়া তথা খিলঞ্জীয়া ব্যক্তি ।

এই ক্ষেত্ৰত চৰকাৰে কোনো সাংবিধানিক ভাবে কাম কৰা নাই । অকল ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এটা নটিফিকেচন উলিয়াই নতুনকৈ এনেদৰে খিলঞ্জীয়া বুলি কৈছে ।

এবিএমছুয়ে এয়া কোনো প্ৰয়োজনীয় বিষয় নহয় বুলি কয় ছাত্ৰ সংগঠনটোৰ সভাপতি গৰাকীয়ে ।

ইফালে উক্ত সাধাৰণ সভাখনত এক আগষ্ট তাৰিখে এবিএমছুৰ শ্বহীদ ছাত্র নেতা লাফিকুল ইছলামৰ মৃত্যুৰ লগত সংগতিৰাখি ছাত্ৰ সংহতি দিৱস পালন কৰিব ।

ছাত্ৰ সংহতি দিবসৰ পৰা লাফিকুল ইছলামৰ হত্যাকাৰীক আটক কৰাৰ বাবে পুণৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত লয় ছাত্ৰ সংগঠনটোৱে ।
৯,১০.১১ চেপ্তেম্বৰত তিনিদিনীয়াকৈ চিৰাংত অধিবেশন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটো সাধাৰণ সম্পাদক আবু জুবাইৰ মণ্ডলে।