অসমত পুনৰ ৬০৬৬ জন কোৰোনাত আক্ৰান্ত, ৮১ জনৰ মৃত্যু

82

অসমত হ্ৰাস পোৱা নাই কোৰোনাত সংক্ৰমিত ৰোগীৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৬০৬৬ জনৰ দেহত কোভিড পজিটিভ ধৰাৰ পিছতে অসমত কোভিড ৰোগীৰ মুঠ সংখ্যা ৩৫৯৬৪০জনলৈ বৃদ্ধি পাইছে। ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৮১ জনে কোভিডৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হয়।

ৰাজ্যিক স্বাস্থ্য বিভাগে সদৰী কৰা মতে, শুকুৰবাৰে কোৰোনাত আক্ৰান্ত হোৱা সকলৰ ভিতৰত ৯০৭জন কামৰূপ মেট্ৰ’ৰ, ৪৩৬জন কাচাৰৰ, ৪৩৩জন নগাঁৱৰ আৰু ৪২০জন নগাঁৱত আক্ৰান্ত হৈছে। শুকুৰবাৰৰ দিনটোত সুস্থ হয় ৪৯৮৭জন ৰোগী আৰু এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২৮১৬জন ৰোগী।