ৰাজ্যত অব্যাহত আছে কোৰোনাৰ সংক্ৰমণ। দেওবাৰৰ দিনটোত অসমত পুনৰ কোৰোনাত আক্ৰান্ত হৈছে ৩৫৬৩গৰাকী লোক। ইফালে দেওবাৰে অসমত মৃত্যু হৈছে ৭২গৰাকী ৰোগীৰ।
এই সময়ছোৱাত ৰাজ্যত ৬২,৭২২ গৰাকী লোকক কোৰোনা টেষ্ট কৰা হৈছিল। পজিটিভিটী ৰেট ৫.৬৮ শতাংশলৈ হ্ৰাস পাইছে অসমত। অসমত ৰিকভাৰী ৰেট ৮৪.৮৭শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যত মৃত্যুৰ হাৰ ০.৭৪ শতাংশ।