অসমত পুনৰ ১৯৩১ গৰাকীৰ দেহত কোভিড পজিটিভ

88
প্ৰতীকাত্মক ফটো

অসমত ভয়াবহ গতিত সংক্ৰমণ হৈছে ক’ৰোনা ভাইৰাছৰ। অসমত যোৱা ২৪ ঘণ্টাত ধৰা পৰিছে ১৯৩১গৰাকী কোভিড ৰোগী। বৃহস্পতিবাৰৰ দিনটোত ধৰা পৰিছে ১৯৩১গৰাকী কোভিড ৰোগী। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই তথ্য। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, মুঠ ৭৩ হাজাৰ ৪২৮টা কোভিড টেষ্ট কৰা হৈছিল। আনহাতে পজিটিভিটিৰ হাৰ হৈছে ২.৬৩ শতাংশ। কেৱল কামৰূপ মহানগৰ জিলাতে ৬৮০গৰাকী ৰোগী কোৰোনাত আক্ৰান্ত হৈছে যোৱা ২৪ ঘণ্টাত।