অসমত পুনৰ অমিত শ্বাহ আহিব নতুন ৰাজনৈতিক সমীকৰণ লৈ

84

পুনৰ চলিত বৰ্ষৰ ২৪ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ শেষৰ ফালে অমিত শ্বাহ অসমলৈ আহিছিল ৷ তিনিদিনীয়া ভ্ৰমণ সূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী অসমত উপস্থিত হৈ বহুতো ৰাজনৈতিক সমীকৰণ দাঙি ধৰিলে ৷ যি সময়ত নৱবৰ্ষ উদযাপনৰ সময়ত ৰাজ্য চৰকাৰে নতুন ক’ৰোনা গাইডলাইন জাৰি কৰিছিল, সেই সময়ত অমিত শ্বাহৰ বিশাল অনুষ্ঠানত ক’ৰোনা বিধি মানি চলা দেখা নগ’ল ৷ আমিনগাঁৱৰ অনুষ্ঠানতে নগাঁৱৰ পৰা বটদ্ৰৱালৈ যোৱা চাৰিলেনযুক্ত পথৰ আধাৰশিলা উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য, অসমমালাৰ আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই পথৰ বাবে ধার্য কৰা হৈছে প্ৰায় ২২৩ কোটি টকা ৷ ইয়াৰ পিছতে প্ৰায় ৮৬০ কোটি টকা ব্যয়ৰে পাণবজাৰৰ কালাপাহাৰত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খন আধাৰশিলা স্থাপন কৰিলে গৃহমন্ত্ৰীয়ে ৷ আনহাতে ৰাজ্যত নতুনকৈ ১১ খন আইন মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ৷

লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন। এয়া বিজেপি চৰকাৰে বিধানসভা নিৰ্বাচনৰ আগতমূহুৰ্তত ভোট বেংকত ফলহে লগালে অসমত ৷ চলিত বৰ্ষৰ ২৪ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে নলবাৰীত বিশাল দলীয় সমাৰোহত অংশ গ্ৰহণ কৰিব ৷ আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই অধীৰ অপেক্ষাত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাবে ৷ কিছুদিন আগতে প্ৰমোদ বড়োৱে দৃঢ়তাৰে কয় যে অমিত শ্বাহ বিটিআৰলৈ যাব ৷ বিটিআৰৰ উন্নতিৰ হকে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰিব ৷ সেয়া কিমান দূৰ সম্ভৱ অমিত শ্বাহ অসমত উপস্থিত হ’লেহে জানিব পৰা যাব ৷

উল্লেখ্য,আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ সহযোগিতা লাগিব বুলি বিটিআৰৰ নিৰ্বাচনৰ পিছত মন্তব্য কৰিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কথা হ’ল অমিত শ্বাহে প্ৰমোদক ধৰিবনে হাগ্ৰামাক ধৰিব এয়া এক লক্ষনীয় বিষয় হৈ পৰিছে ৷