অসমত দিনৰ ২ বজালৈ অসমত ৫৪ শতাংশ লোকৰ ভোটদান

84

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত এই পৰ্যন্ত ৫৪ শতাংশ লোকে ভোটদান কৰিছে৷ দুপৰীয়া ২ বজালৈ ৫৪ শতাংশ লোকে ভোটদান কৰিছে৷ উজনি-উত্তৰ অসমৰ ১২ খন জিলাৰ ভোট কেন্দ্ৰসমূহত পুৱা ৭ বজাৰ পৰা ভোটৰৰ লানি নিছিগা সোঁত বয়৷ ৫ বজালৈ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷