মহানগৰীত কৰ’নাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু*
ষ্টাফ ৰিপোৰ্টাৰ’ : অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৩ লৈ বৃদ্ধি হৈছে।
শিলচৰৰ পাছত এইবাৰ গুৱাহাটীত চাৰিজন কৰ’না পজিটিভ। ইয়াৰে এজন অসমৰ বাহিৰৰ পৰা অহা আৰু হোম কোৱাৰানটাইনত আছিল। বাকী তিনিজন গুৱাহাটীৰে বাসিন্দা। দিনটোৰ ভিতৰত মুঠ ৮জন ৰোগী চিনাক্ত। মহানগৰীত কৰ’না ভা
কৰ্কট ৰোগত আক্ৰান্ত এজনৰ মৃত্যু হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী। কিশোৰী গৰাকীৰ নাম দীপিকা বাছফৰ। দীপিকাৰ আইতাক আছিল বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মী।
মালতী বাছফৰ নামৰ এই চাফাই কৰ্মীগৰাকীৰ সৈতে আছিল দীপিকা। বিৰুবাৰীত ঘৰ যদিও, আইতাকৰ সৈতে থকা দীপিকা জ্বৰ আৰু কৰ’নাজনিত উপসৰ্গই দেখা দিয়াত তেওঁক চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল।
১৩ বছৰীয়া দীপিকা বৃহস্পতিবাৰে দুপৰীয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ দেহত কোভিড-১৯ৰ উপসৰ্গই দেখা দিয়াৰ বাবে তেওঁৰ কোভিড পৰীক্ষা কৰা হৈছিল । সেই পৰীক্ষাত দীপিকা কোভিড-১৯ত আক্ৰান্ত হোৱাতো নিশ্চিত হয়।
ইয়াৰ পাছতেই বি বৰুৱা কেন্সাৰ হাস্পতালৰ আবাসিক কলনীত বাস কৰা দীপিকাৰ আইতাক মালতী বাছফৰ আৰু তেওঁৰ পৰিয়ালৰ আন সকলক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে। এই পৰ্যন্তলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ দ্বিতীয়গৰাকীৰ মৃত্যু হ’ল গুৱাহাটীত।