অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৯০২০৯ জনলৈ বৃদ্ধি

81

গুৱাহাটীঃ ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৯০২০৯ জনলৈ। স্বাস্থ্য বিভাগে সদৰী কৰা মতে, বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ ১৩০৭ জনৰ দেহত কোৰোনা সংক্ৰমণ ধৰা পৰে। ইয়াৰে ৩১৭ জন কামৰূপ মেট্ৰ’ত, ১৩৫ জন যোৰহাট আৰু ১১৯ জন ডিব্ৰুগড়ত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে। ইফালে ৰাজ্যখনত বৰ্তমানলৈকে ১৫৫০৭৪জন কোভিড ৰোগী সুস্থ হৈ উঠিছে আৰু ৩৪৩৪৭জনৰ চিকিৎসা চলাই থকা হৈছে।

উল্লেখ্য যে, অসমত বৰ্তমানলৈকে কোভিড আক্ৰান্ত হৈ ৭৮৫ জন লোকৰ মৃত্যু ঘটিছে।