অসমত কিমানদূৰ সফল হ’ব ক’ভিড ভেকচিনৰ অভিযান ?

58

এবছৰে সমগ্ৰ বিশ্বক জুৰুলা কৰা মহামাৰী ক’ৰোনাৰ অৱশেষত প্ৰতিষেধক আৱিষ্কাৰ হ’ল। বিগত বৰ্ষৰ ৮ ডিচেম্বৰত এই মহামাৰীৰ বিৰুদ্ধে মানৱে বিজ্ঞানসন্মতভাৱে ক’ৰোনা বিৰুদ্ধে চলোৱা যুদ্ধখনত এক বিজয়ৰ সূচনা কৰিছিল। উক্ত দিনটোত ৯০-ৰ ঊৰ্ধ্বৰ বৃদ্ধ মাৰ্গাৰেট কিন্যানক ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ছিটাৰ প্ৰথমটো ড’জ দিয়া হৈছিল। ছিটা প্ৰদানৰ ইতিহাসত এই ঘটনাই এক নতুন যুগৰ সূচনাও কৰিছিল। কিয়নো ক’ৰোনা মহামাৰীক ৰোধ কৰিবলৈ ছিটাৰ দৰে এক কাৰ্যকৰী হাথিয়াৰ বিশ্বৰ জনগণৰ বাবে অতি জৰুৰী আছিল। উল্লেখযোগ্য যে এতিয়াও সমগ্ৰ বিশ্বতে চৰকাৰী-বেচৰকাৰী বিভিন্ন সংস্থাসমূহে টিকা প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে। বৰ্তমান ৫৮টা ছিটাৰ ক্লিনিকেল ট্ৰায়েলেৰে বিভিন্ন পৰ্যায়ত কাম চলি আছে। এই সন্দৰ্ভত ৯০ শতাংশ কাৰ্যকৰী বুলিও দাবী কৰা হৈছে।

ইতিমধ্যে ক্লিনিকেল ট্ৰায়ে ল সম্পূৰ্ণ কৰি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ পৰ্যায়লৈ তিনিটা সংস্থাৰ নাম বহুলভাৱে চৰ্চিত হৈছে । সেইকেইটা হ’ল ফাইজাৰ বায়’ এন টেক, অক্সফ’ৰ্ড-অষ্টাজেনেকা আৰু মডেৰ্না । ইয়াৰ মাজত ফাইজাৰ বায়’ এন টেক ভেকচিন’ ব্ৰিটেইনত আৰম্ভ কৰা হৈছিল। বৰ্তমান অক্সফ’ৰ্ড অষ্টাজেনকাৰ তৈয়াৰ ছাভেক্স’ৰ, যি ভাৰতত ’ক’ভিশ্বিল্ড’ বুলি মেডিকেল জাৰ্নেল লানছেটত প্ৰকাশ পাইছে ৷ ইয়ো মানৱ শৰীৰ বাবে নিৰাপদ বুলি জানিব পৰা গৈছে। এতিয়ালৈ ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা নাই। কাৰ্যক্ষমতাৰ হাৰ অৰ্থাৎ এফিকেচি ৰেট ৭০ শতাংশ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ইতিমধ্যে ক’ভিড ভেকচিন প্ৰদানৰ ড্ৰাই ৰান কাৰ্যসূচী সম্পন্ন হয় ৷ সেইদৰে অসমতো ইতিমধ্যে ক’ভিড ভেকচিন প্ৰদানৰ ড্ৰাই ৰান কাৰ্যসূচী সম্পন্ন হৈ গৈছে ৷ উল্লেখ্য, বহু প্ৰত্যাশা আৰু উৎকণ্ঠাৰ অৱসান ঘটাই আজিৰে পৰা অসমত ক’ৰোনা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ল ৷ প্ৰথম পৰ্যায়ত ২.৯ লাখ লোকক অন্তৰ্ভুক্ত কৰা হৈছে এই কাৰ্যসূচীত ৷ডাক্টৰ,নাৰ্চ আৰু ক’ৰোনা যুদ্ধত প্ৰত্যক্ষভাৱে জড়িত যোদ্ধা সকলৰ ১.৯ লাখ লোকক প্ৰথমে প্ৰদান কৰিব এই ভেকচিন ৷ এই প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ৮,৬৫১ গৰাকী নাৰ্চক প্ৰশিক্ষণ দিয়া হৈছে আৰু ১৩০০ ডাক্টৰক পৰ্যবেক্ষণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ আৰু অসমৰ ৩৩ খন জিলাত মুঠ ৬৫ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ উমেশ শৰ্মাক দিয়া হয় প্ৰথমটো ভেকচিন ৷ অসমৰ প্ৰথম গৰাকী ক’ভিড প্ৰতিষেধক লাভ কৰা ব্যক্তি হিচাপে পৰিগণিত হ’ল চিকিৎসক উমেশ শৰ্মা ৷

পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাৱে আৰম্ভ হয় এই কাৰ্যসূচী ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰতিষেধক লয় ডাঃ উমেশ শৰ্মাই ৷

উল্লেখযোগ্য যে, ছ’চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তেও ক’ৰোনা প্ৰতিষেধৰ ওপৰত বহুতো ধনাত্মাক আৰু ঋণাত্মক বাৰ্তা জনসাধাৰণে লাভ কৰে আহিছে ৷ যাৰ ফলত সমাজৰ এচাম লোকৰ মাজত ক’ভিড ভেকচিনৰ প্ৰতি ভয়-শংকাও দেখা দিছে ৷ এই ক’ভিড প্ৰতিষেধকক অভিযান সফলভাৱে সমাপন কৰিবলৈ সমাজৰ শিক্ষিত আৰু সচেতন লোকসকল আগবাঢ়ি আহিব লাগিব অন্যথা ক’ভিড ভেকচিনৰ প্ৰতি ভয় একাংশ লোকৰ মাজত গভীৰভাৱে শিপাব ৷ ফলস্বৰূপে , কেতিয়াও এই অতিমাৰীৰ পৰা সমাজে ৰক্ষা নাপাব ৷