অসম পালেহি অমিক্ৰন! ৰাজ্যখনত এই মহামাৰীত আক্ৰান্ত হৈছে প্ৰথমজন ব্যক্তি। চৌদি আৰবৰ পৰা অসমত উপস্থিত হোৱা শোণিতপুৰ জিলাৰ এজন ব্যক্তিৰ দেহত ধৰা পৰে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰন।
জানিব পৰা মতে, এই মহামাৰীত আক্রান্ত হোৱা লোকজনৰ নাম হৈছে সূৰ্যবাহাদুৰ তামাগ। বৰ্তমান তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আছুটীয়াকৈ ৰাখি চিকিৎসা চলাই থকা হৈছে।
