অসমত অবৈধভাৱে প্ৰৱেশ কৰা দুই বাংলাদেশীক ৫ বছৰৰ কাৰাদণ্ড আদালতৰ

294

অসমৰ এখন আদালতে বিগত বৰ্ষত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত দুজন বাংলাদেশীক ৫ বছৰকৈ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

শুকুৰবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশে আব্দুল হাই আৰু নিৰঞ্জন ঘোষ নামৰ ব্যক্তি দুজনক ১০ হাজাৰ টকাকৈ জৰিমনা আদায় দিবলৈও কয়।

হাইৰ ঘৰ কুৰিগ্ৰাম জিলাত। আনহাতে ঘোষ বাংলাদেশৰ জামালপুৰ জিলাৰ।