অসমতো চিত্ৰাং ঘূৰ্ণী বতাহৰ প্ৰভাৱ! ১১০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত

109

ঘূৰ্ণীবতাহ চিত্ৰাঙৰ কবলত পৰিছে অসমৰ কেইবাখনো গাঁও।

তথ্য অনুসৰি এই ঘূৰ্ণী বতাহৰ ফলত ৰাজ্যখনৰ ৮৩ খন প্ৰভাৱিত হোৱাৰ লগতে ১১০০ৰো অধিক ইয়াৰ্ কবলত পৰিছে।

ইপিনে ধাৰাসাৰ বৰষুণ আৰু ঘূৰ্ণী বতাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু বাসগৃহ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে ১১৪৬ জন লোক।

বিষয়াসকলে জনোৱা মতে, চিত্ৰাঙে ৩২৫.৫০১ হেক্টৰ শস্য ভূমিৰ ক্ষতি কৰিছে।

সোমবাৰে নিশা ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অসংখ্য গছ-গছনি, বিদ্যুতৰ খুঁটাও উভালি পৰে।

খবৰ অনুসৰি, ধুমুহাৰ ফলত মধ্য অসম জিলাৰ কলিয়াবৰ, বামুনি, সাকমুথিয়া চাহ বাগিচা, আৰু বৰালিগাঁও অঞ্চলৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

ধুমুহাৰ ফলত এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই অঞ্চলটোত।

ইফালে, ঘূৰ্ণীবতাহৰ ‘চিত্ৰাং’ এলাৰ্টৰ মাজতে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাৰ বকখালী বিলৰ উপকূলত জোৱাৰ-ভাটাৰ সৃষ্টি হৈছে।