অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল’ ডিজেলৰ মূল্যবৃদ্ধি ৰোধ আৰু অবৈধ টোলগেট সমূহ বন্ধৰ দাবী
ষ্টাফৰিপৰ্টাৰ, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল’ ডিজেলৰ মূল্যবৃদ্ধি ৰোধ আৰু অবৈধ টোলগেট সমূহ বন্ধৰ দাবীত অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্ছ ফেডাৰেচনৰ আহ্বান মৰ্মে শুকুৰবাৰে অল আছাম কব অপাৰেটৰ্ছ ইউনিয়নে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ইউনিয়নে দাবী সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ (ম) জিলা উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।
এই সন্দৰ্ভত ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে কয় “কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দেশৰ সাধাৰণ জনতাক সময়ে সময়ে দি অহা প্ৰতিশ্ৰুতি সমূহ পালনত ব্যৰ্থ হোৱাৰ সমান্তৰাল ভাৱে বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিক আৰু মটৰ শ্ৰমিকসকলক আৰ্থ সাহায্য প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰা নগ’ল। সেয়েহে আমি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল’ ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, বাণিজ্যিক বাহনৰ চালকসকলৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰা, অবৈধ টোলগেট সমূহ বন্ধৰ দাবী জনালোঁ।”