অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নৰ প্ৰতিবাদ

87

ষ্টাফৰিপৰ্টাৰ,সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছৰ আতংকই গ্ৰাস কৰি থকাৰ সময়তে সাধাৰণ লোকক মাধমাৰ সোধাই দিনক -দিনে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ মূল্য বৃদ্ধিৰ সমন্তৰালভাবে জীৱনধাৰণ লগত ওত:প্ৰোতভাবে জড়িত পেট্ৰল ডিজলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সকলো শ্ৰেণীৰ লোককে জুৰুলা কৰিছে।বিশ্ব জুৰী খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ পিছতো আমাৰ ভাৰতবৰ্ষত প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈয়ে আছে। দেশৰ এনে এক পৰিস্থিতিৰ জনসাধাৰণৰ স্বাৰ্থত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাটো চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব আছিল।কিন্তু তাকে নকৰি চৰকাৰে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই এই জ্বলন্ত সমস্যা সমূহৰ পৰা জনসাধাৰণৰক আঁতৰাই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। ফলস্বৰূপে সাধাৰণ জনতাৰ অৱস্থা প্ৰতিদিনে বেয়াৰ দিশে গতি কৰিছে।জনসাধাৰণক সকাহ দিব নোৱাৰা সাধাৰণ কৃষক শ্ৰমিক আৰু মটৰ শ্ৰমিকৰ ঋণ ৰেহাই দিব নোৱাৰা চৰকাৰে বৃহৎ পূঁজিপতিক গোষ্ঠীক কোটি কোটি টকাৰ ঋণ ৰেহাই দিয়াটো এক নজিৰবিহীন ঘটনা।কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দেশৰ সাধাৰণ জনতাক সময়ে সময়ে দি অহা প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ সমন্তৰালভাবে বিভিন্ন ক্ষেত্ৰৰ মটৰ শ্ৰমিক সকলক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰা দেখা নগল।কিছুমান কেব্ চালক উপায়ন্তৰ হৈ নিজৰ বাহনখনতে শাক-পাচলি মাছ-মাংস বিক্ৰী কৰিবলৈ আৰম্ভ কৰে যদিও পুলিচ প্ৰশাসনে বাহন সমূহ জব্দ কৰি লৈ যায়।সেয়েহে আজি কেব্ চালক সকলে হাতত বেনাৰ লৈ চৰকাৰৰ নীতি নিয়মৰ মাজেৰে সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰে মটৰ শ্ৰমিক সকলক সাহায্য প্ৰদান কৰক, বাহন সমূহৰ ই,এম,আই, এক বছৰৰ কাৰণে পিছুৱাই দিয়ক,বাহন সমূহৰ নথিপত্ৰ নবীকৰণ এক বছৰৰ কাৰণে ৰেহাই দিয়ক,পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰক, অবৈধভাবে স্হাপন কৰা টোলগেট সমূহ বন্ধ কৰক,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।চৰকাৰে লকডাউন বৃদ্ধি কৰিব লাগে নে নালাগে নাগৰিক সমিতিৰ লগত আলোচনা নকৰি শ্ৰমিক সকলৰ লগতহে আলোচনা কৰি সিদ্ধান্ত লব লাগিছিল।বৰ্তমান ক’ৰোণা মহামাৰিতকৈ লকডাউনৰ ভয়াবহতাই মটৰ শংকিত কৰি ৰাখিছে।আমাৰ দাবী সমূহ চৰকাৰে কাৰ্য্য ক্ষেত্ৰত ৰূপায়ণ নকৰিলে সমগ্ৰ ভাৰতবৰ্ষত মটৰ শ্ৰমিক সকলে আন্দোলনৰ পথ বাধ্য হম বুলি কয় অল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে।