অলিম্পিকৰ পূর্বে উন্নত প্রশিক্ষণৰ বাবে তুর্কীলৈ যাব হিমা

105

চলিত মাহৰ শেষৰফালে দীঘলীয়া অনুশীলন তথা প্রতিযোগিতামূলক ইভেণ্টৰ বাবে তুর্কীলৈ ৰাওনা হ’ব অসম কন্যা হিমা দাস৷ দেশৰ আগশাৰীৰ ট্রেক এণ্ড ফিল্ড এথলিটসকলৰ সৈতে হিমাই তুর্কীত উন্নত প্রশিক্ষণ ল’ব আৰু কেইবাখনো প্রতিযোগিতাত অংশগ্রহণ কৰিব৷

উল্লেখ্য যে আগন্তুক অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনে দেশৰ এথলিটসকলৰ বাবে তুর্কীত উন্নত প্রশিক্ষণৰ ব্যৱস্থা কৰিছে৷ ২০১৮ৰ এছিয়ান গেমছত ব্যক্তিগত ৪০০ মিটাৰত ৰূপ, মহিলাৰ x৪০০ মিটাৰ আৰু মিক্সড x৪০০ মিটাৰ ৰীলে দৌৰত স্বর্ণ পদক অর্জন কৰা হিমা দাসে তুর্কীত x১০০ মিটাৰ ৰীলে দৌৰৰ বাবে অনুশীলন চলাব৷ ভাৰতীয় ৰীলে দলটোৱে অহা ১–২ মে’ত পোলেণ্ডত বিশ্ব এথলেটিক্ছ ৰীলেত অংশ ল’ব৷

এই প্রতিযোগিতাখনৰ শীর্ষ ৮টা দলে পোনপটীয়াকৈ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিব৷ ভাৰতীয় মিক্সড x৪০০ মিটাৰ ৰীলে দলটোৱে ২০১৯ৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেললৈ উন্নীত হৈ ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে৷

মন কৰিবলগীয়া যে হিমা দাসে ব্যক্তিগত ১০০ মিটাৰ আৰু ২০০ মিটাৰত অলিম্পিকলৈ যোগ্যতা অর্জনৰ সুযোগ ইতিমধ্যে হেৰুৱাইছে৷ অৱশ্যে দলীয় ৰীলে ইভেণ্টত এতিয়াও তেওঁ অলিম্পিক খেলাৰ সুযোগ আছে৷