অযোধ্যালৈ চলিব বুলেট ট্ৰেইন

131

ডিজিটেল ডেস্ক: ভগৱান শ্ৰীৰামৰ জন্মস্থান অযোধ্যালৈ বুলেট ট্রেইন সংযোগ কৰা হ’ব । দিল্লী-বাৰাণসী কৰিড’ৰ যাৰ বাবে বিশদ প্রকল্প বিৱৰণ (DPR) প্রস্তুত কৰা হৈছে সেই কৰিড’ৰ পবিত্র চহৰ, মথুৰা, প্রয়াগৰাজ, বাৰাণসী, আগ্রা, কানপুৰ আৰু জেভাৰ বিমানবন্দৰক সংযুক্ত কৰিব ।

নেচনেল হাই স্পীড ৰেল কর্প’ৰেচন লিমিটেড (NHSRCL), যি এই প্রসাৰৰ বাবে DPR নিৰ্মাণ কৰিছে, তেওঁলোকৰ মত অনুসৰি ৮০০ কিলোমিটাৰৰ এই কৰিড’ৰটোৱে ইটাৱাহ, লক্ষ্ণৌ, ৰায়বেৰেলী আৰু ভদ’হীক সংযুক্ত কৰিব ৷