অম্বুবাচী মেলালৈ অহা ভক্তৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে সৃষ্টি হৈছে আতংকৰ। ২২ জুনৰ পৰা ২৬ জুনলৈ মা কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাই অসমৰ কোভিড পৰিস্থিতি পুনৰ জটিল কৰি তোলাৰ আশংকা ব্যক্ত কৰিছে বিভিন্নজনে।
জাানিব পৰা মতে, নীলাচলৰ উখল মাখল পৰিৱেশৰ মাজতে গুজৰাটৰ পৰা অম্বুবাচী মেলালৈ অহা সুন্দৰ ভাৰাতীয়া নামৰ এজন ভক্তৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে।
কামাখ্যাত কৰা কোভিড টেষ্টত ব্যক্তিজনৰ দেহত সংক্ৰমণ ধৰা পৰাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। বৰ্তমান জিএমচিএইছত মুঠ ৪ জন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।