অমৃত ভোগ ভাণ্ডাৰৰ উদ্যোগত পাঁচ লক্ষাধিক দুখীয়া লোকক আহাৰ বিতৰণ

63

ষ্টাফৰিপোৰ্টাৰ, ২ মে’ : স্বেচ্ছাসেৱী সংন্থা অমৃত ভোগ ভাণ্ডাৰে কভিড’-১৯ ভাইৰাছৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ত অৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে। এতিয়া লৈকে সংস্থাটোৰ উদ্যোগত গুৱাহাটী আৰু গুৱাহাটীৰ পাশ্ববৰ্তী পাঁচ লাখ দুখীয়া লোকৰ মাজত আহাৰ বিতৰণ কৰা হৈছে । এই সম্পৰ্কে সংগঠনটোৰ সহ :সংযোগক আলোক সন্থালিয়াই এক বিবৃতি যোগে কয় ” আমি ২৮ মাৰ্চৰ পৰা সমগ্ৰ গুৱাহাটীত দুখীয়া লোকৰ মাজত আহাৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰোঁ আৰু এই কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। প্ৰথম তিনিহাজাৰ দুখীয়া লোকক আহাৰ বিতৰণৰে আৰম্ভ কৰা এই কাৰ্যসূচী লকডাউন নোখোলা পৰ্যন্ত অব্যাহত থাকিব। ” এই সম্পৰ্কে সংস্থাটোৰ মুখ্য বিষয়া ভাগচন্দ জৈনে কয় ” আমি এ এছ টি চি, আই এছ বি টি ৰ জৰিয়তে নিজ নিজ ঠাইলৈ যোৱা যাত্রী, ৰাজস্থানলৈ যোৱা যাত্ৰী সকলকো আহাৰ বিতৰণ কৰিছোঁ। ইয়াৰ বাবে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আমাক শলাগিছে। লকডাউন নোখোলা পৰ্যন্ত আমাৰ এই কাৰ্যসূচী অভ্যাহত থাকিব”।