অমিত শ্বাহৰ অসম আগমনৰ দিনাই বিজেপিত যোগ দিব কংগ্ৰেছৰ ৩ বিধায়কে

83

ডিজিটেল ডেস্ক: ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমামেই ওচৰ চাপিছে, সিমানেই বাঢ়িছে দল সলোৱাৰ ৰাজনীতি। বহু নেতা-কৰ্মীয়ে ক্ষমতা যতেই আছে, তাতেই ভৰি দিছে। দল বাগৰৰ দীঘলীয়া শাৰীত এতিয়া চামিল হৈছে কংগ্ৰেছৰ বফু কেইজন বিধায়ক তথা নেতা কৰ্মী।

খবৰ অনুসৰি অহা ২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু সেই দিনটোতে গেৰুৱা বসন পিন্ধিব কংগ্ৰেছী নেত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। বৃহস্পতিবাৰে সন্ধিয়া এই যোগদান সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাতো মিলিত হয়।

বিজেপিৰ এক সূত্ৰৰ খবৰ অনুসৰি অমিত শ্বাহৰ আগমনৰ দিনটোত আন দুগৰাকী কংগ্ৰেছী বিধায়ক আৰু এগৰাকী প্ৰাক্তন বিধায়কে বিজেপিত যোগ দিব। তেওঁলোক হৈছে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কী, লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালা আৰু প্রাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়।

ইফালে ক্ষমতাৰ লোভত বহু কেইজন কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বিধায়কে এনেদৰে বিজেপিত যোগদানৰ খবৰে যে কংগ্ৰেছৰ ভেটি দুৰ্বল কৰিছে, সেয়া নিশ্চিত।