অমাইক্ৰনৰ আতংকৰ মাজতে দেশত হ্ৰাস কোভিডৰ সংক্ৰমণ, কমিছে মৃত্যুৰ সংখ্যাও

96

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে কোভিডৰ নতুন প্ৰজাতি অমাইক্ৰনৰ আতংক অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য সচিবে ইতিমধ্যে প্ৰতিখন ৰাজ্যলৈ কোভিড ৰ সীমাবদ্ধতা কঠোৰ কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে। এই উদ্বেগৰ মাজতে কিছু সকাহ দিছে দৈনিক কৰোনা সংক্ৰমণে। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ হাৰ যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে। একেদৰে হ্ৰাস পাইছে কোভিড সংক্ৰমণও। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সোমবাৰৰ বুলেটিনত কোৱা হৈছে যে যোৱা ২৪ ঘণ্টাত দেশত ৮,৩০৯ জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। যিটো আগৰ দিনতকৈ কম। এই সময়ছোৱাত ২৩৬ জন লোকৰ মৃত্যু ঘটে কোভিডৰ ফলত। এই সংখ্যা দেওবাৰে ৬০০ তকৈও অধিক আছিল। তদুপৰি, এদিনত ৯,৯০৫ জন লোক আৰোগ্য হৈছে।

ইফালে, সপ্তাহটোৰ আৰম্ভণিতে দেশখনত অমাইক্ৰনে আতংকৰ সৃষ্টি কৰিছে। দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ অহা এজন ব্যক্তিৰ মৃতদেহত কৰোনা ভাইৰাছ পোৱা গৈছিল। অৱশ্যে, ভাইৰাছটো কৰোনাৰ ‘অমাইক্ৰন’ প্ৰজাতিৰ হয় নে নাই সেয়া এতিয়াও জনা হোৱা নাই। মানুহজনক এতিয়াৰ বাবে বিচ্ছিন্ন কৰি ৰখা হৈছে। খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ থানেৰ বাসিন্দাজন ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা দিল্লীলৈ উভতি আহিছিল। তাৰ পিছত তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল। তাৰ পিছত দেওবাৰেহে, তেওঁৰ কৰোনা প্ৰতিবেদন কোভিড পজিটিভ ধৰা পৰে। তেওঁক বৰ্তমান কল্যাণ ডম্বিভিল পৌৰ নিগমৰ (কেডিএমচি) আৰ্ট গেলেৰী আইসোলেচনত নিৰীক্ষণত ৰখা হৈছে। কিন্তু এতিয়াৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্থিৰ। তেওঁৰ শৰীৰত সংক্ৰমণ সৃষ্টি কৰা কৰোনা ভাইৰাছটো কৰোনাৰ নতুন প্ৰজাতি ‘অমাইক্ৰন’ নে নাই নিশ্চিত কৰিবলৈ পৰীক্ষাগাৰলৈ নমুনা প্ৰেৰণ কৰা হৈছে।

যোৱা শনিবাৰে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা দুজন বেংগালুৰুৰ ব্যক্তিয়ে কৰোনাভভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰিছিল। অৱশ্যে, তেওঁলোকৰ শৰীৰত পোৱা কৰোনা ভাইৰাছৰ প্ৰজাতিবোৰ ‘অমাইক্ৰন’ নহয়, কিন্তু ‘ডেল্টা’। যি ভাৰতত প্ৰচলিত কৰোনা ভেকছিনৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম। আৰু এইটোৱেই সকাহৰ খবৰ।

যোৱা সপ্তাহতে, দক্ষিণ আফ্ৰিকাৰ কিছু লোকৰ দেহত নতুন প্ৰজাতিৰ কৰোনা ভাইৰাছ ধৰা পৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই এই কৰোনা ভাইৰাছ প্ৰজাতিটোক অমাইক্ৰন নাম দিছে। বিজ্ঞানীসকলে উদ্বেগ প্ৰকাশ কৰিছে যে ই ‘ডেল্টা’, ‘বিটা’তকৈ অধিক বিপদজনক। কেইবাখনো দেশে ইতিমধ্যে ‘অমাইক্ৰন’ৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণ প্ৰত্যাহাৰ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতকে ধৰি বিশ্বক ‘অমাইক্ৰন’ সম্পৰ্কে সতৰ্ক কৰি দিছে।

কৰোনাৰ এই নতুন প্ৰজাতিটো দ্ৰুত গতিত সংক্ৰমিত হোৱালৈ চাই বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে আতংকৰ। আকৌ এবাৰ, এই নতুন প্ৰজাতিৰ কৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ লকডাউনৰ প্ৰয়োজন হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।