বঙাইগাঁও জিলাৰ যোগীঘোপাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰথমে যোগীঘোপাৰ নয়াগাঁৱত অভিযান চলাই এজন লোকৰ পৰা ১০০০ টা নিচাযুক্ত টেবলেট জব্দ কৰে।
ইফালে ধৃত সৰবৰাহকাৰীজনে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অভয়াপুৰীত থকা ‘পাল ড্ৰাগছ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা ৬ হাজাৰতকৈও অধিক নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী অমিত পাল আৰু আন এই কৰ্মচাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এই বৃহৎ সফলতাৰ শলাগ লৈছে জিলাখনৰ সচেতন মহলে।