অভিযুক্তক দোষমুক্ত কৰাৰ নামত ধনদাবী কৰা অসম আৰক্ষীৰ অপৰাধ শাখাৰ ভুৱা বিষয়ক গ্ৰেপ্তাৰ

218

অসম আৰক্ষীৰ অপৰাধ শাখাৰ পৰিদৰ্শকৰ ভেষ লৈ অভিযুক্তক দোষমুক্ত কৰাৰ বাবদ ধনদাবী কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত অভিযুক্তই অসম আৰক্ষীৰ চি আই ডিৰ জ্যেষ্ঠ বিষয়াক প্ৰভাৱিত কৰি দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি বিভিন্ন গোচৰত অভিযুক্তৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

ধৃত ব্যক্তিজনৰ নাম উপেন্দ্ৰ পাণ্ডে।

তেওঁ মূলতঃ উত্তৰ প্ৰদেশৰ, কিন্তু বৰ্তমান গুৱাহাটীৰ বেলতলাত বাস কৰে।

ইফালে, অসম আৰক্ষীৰ চি আই ডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (খ), ৪১৯, ৪২০, ৩৮৮ ধাৰাত গোচৰ ৰুজু কৰিছে।

পৰৱৰ্তী তদন্ত পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।