ৰাজ্যত বানৰ সংহাৰৰ মাজতে নিশা কামপুৰত সংঘটিত হল অঘটন। এটা গোচৰৰ অভিযুক্তক আটক কৰিবলৈ গৈ বানত উটি গল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এগৰাকী কনিষ্টবল।
জানিব পৰা মতে, দেওবাৰে নিশা এটা গোচৰত অভিযুক্ত এজন যুৱকক আটক কৰিবলৈ কামপুৰ আৰক্ষী থানাৰ অচি সমুজ্জ্বল কাকতিৰ নেতৃত্বত অভিযান চলাইছিল তিনিজনীয়া আৰক্ষীৰ দলে।
তেওঁলোকে বানৰ মাজেৰে গৈ থকা সময়তে হঠাৎ বাঢ়নী পানীৰ সোঁতত উটি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ। তাৰ পিছতে কনিষ্টবল গৰাকীক বচাবলৈ অচি সমুজ্জ্বল কাকতিয়েও সাতুৰিবলৈ চেষ্টা কৰে যদিও তেৱোঁ উটি যায়।
ইফালে এই ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে ৰঞ্জিত বৰা নামৰ কনিষ্টবল গৰাকীৰ।
সোমবাৰে পুৱা এছডিআৰএফ বাহিনীয়ে অভিযান চলাই আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
এই ঘটনাই সমগ্ৰ কামপুৰত শোকৰ সৃষ্টি কৰাৰ লগতে কনিষ্টবল ৰাজীৱ বৰদলৈ আৰু অচি সমুজ্জ্বল কাকতিৰ পৰিয়ালত নমাই আনিছে শোকাকূল পৰিবেশৰ।
