অভিযাত হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৯ জন আহত

91

লক্ষ্ণৌৰ এখন অভিজাত হোটেলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। সোমবাৰে পুৱাৰ ভাগত অগ্নিকাণ্ড সংঘটিত হয় হোটেলখনত। সেই সময়ত হোটেলখনত কেইবাজনো বাসিন্দা আছিল। তেওঁলোকক উদ্ধাৰৰ কাম খুব ক্ষীপ্ৰতাৰে আৰম্ভ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু এম্বুলেন্স উপস্থিত হয়।

লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলৰ অভিজাত হোটেল লেভানাত সংঘটিত হয় এক অগ্নিকাণ্ড। সেই সময়ত হোটেলখনত কিছু কৰ্মচাৰী আছিল। ক’লা ধোঁৱা দেখি হোটেলৰ পৰা পলায়ন কৰে একাংশ বাসিন্দা আৰু কৰ্মচাৰী। কিন্তু একাংশ বাসিন্দা এতিয়াও ভিতৰত থকাৰ খবৰ আহিছিল।

স্থানীয় ৰাইজে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। জুই নুমুৱাবলৈ চেষ্টা কৰাৰ সমান্তৰালভাৱে আৱদ্ধ হৈ থকা বাসিন্দাসকলক উদ্ধাৰৰ কামো আৰম্ভ হয়। হোটেলখনৰ খিৰিকী ভাঙি উদ্ধাৰ কৰে একাংশ লোকক। সেই সময়ত ২ জনৰ চেতনা হেৰাই গৈছিল। লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ কিছু সময়ৰ পিছতে আৰু দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমানলৈ মুঠ ৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। উদ্ধাৰ কৰা হৈছে মুঠ ১৫ জন বাসিন্দা।

আৰক্ষীয়ে সেই ঠাইখিনি পৰীক্ষা কৰি চাই থাকিল। জুই কেনেকৈ আৰম্ভ হৈছিল আৰু কেনেকৈ বিয়পি পৰিছিল তাক এতিয়া তদন্ত কৰিব। ইয়াৰ উপৰিও হোটেলখনৰ অগ্নিনিৰ্বাপক ব্যৱস্থাটো সঠিক আছিল নে নাই, সেইটোও তদন্ত কৰা হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অগ্নিকাণ্ডত আহতসকলৰ উচিত চিকিৎসাৰ নিৰ্দেশ দিছে।