অভিনেত্ৰী, মডেল প্ৰীতিকংকনাক হত্যাৰ ভাবুকি

98

ষ্টাফৰিপৰ্টাৰ, অভিনেত্ৰী, মডেল প্ৰীতিকংকনাক ধৰ্ষণ,এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি দিয়া হৈছে। ‘বেগম জান’ ধাৰাবাহিকৰ মূল চৰিত্ৰত অভিনয় কৰাৰ বাবেই অভিনেত্ৰী গৰাকীক ধৰ্ষণ-হত্যাৰ ভাবুকি দিয়া হৈছে। অভিনেত্ৰী গৰাকীৰ লগতে স্বামী তথা কণ্ঠশিল্পী সীমান্ত শেখৰে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।এজাহাৰত দুজন ব্যক্তিৰ দুটা ফোন নম্বৰ দিয়া হৈছে। যি দুটা ফোন নম্বৰৰ জৰিয়তে অভিনেত্ৰী গৰাকীক ধৰ্ষণ,এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। এই ঘটনা সম্পৰ্কে সামাজিক মাধ্যম ফেচবুকত জৰিয়তে কণ্ঠশিল্পী সীমান্ত শেখৰে জনাইছে।