অভিনেত্ৰী পায়েল ঘোষে তুলিলে দুৰ্ব্যৱহাৰৰ অভিযোগ, উত্তৰত অনুৰাগে ক’লে- এয়া আৰম্ভণিহে…

97

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে হিন্দী ছবিজগতৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপ। শেহতীয়াকৈ অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বলীউডৰ ভিতৰচৰাত আৰু ছবি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে অভিনেত্ৰীগৰাকীৰ এই অভিযোগৰ পিছত টুইটযোগে নিজৰ প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে পৰিচালক অনুৰাগ কাশ্যপে।

অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি এটা টুইট কৰিছিল। এই টুইটত পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো আহ্বান জনাইছিল। অভিনেত্ৰীগৰাকীয়ে লিখিছিল- ‘অনুৰাগ কাশ্যপে বৰ বেয়াকৈ মোৰ ওপৰত নিজৰ অধিকাৰ জাহিৰ কৰিব বিচাৰিছিল। নৰেন্দ্ৰ মোডী, অনুগ্ৰহ কৰি আপুনি কোনো পদক্ষেপ গ্ৰহণ কৰক আৰু দেশখনক এই সৃষ্টিশীল মানুহজনৰ আঁৰত লুকাই থকা দানৱ জনৰ সৈতে পৰিচয় কৰাওক।’

পায়েল ঘোষে পুনৰ লিখিছিল, ‘মই জানো যে তেওঁ মোৰ ক্ষতিসাধন কৰিব পাৰে আৰু মোৰ এতিয়া নিৰাপত্তাৰ প্ৰতিও ভাবুকি আহি পৰিছে। মোক সহায় কৰক।’ ইফালে অভিনেত্ৰীগৰাকীৰ এই টুইটৰ পিছতে বলীউড আৰু ছবি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ পিছতে অনুৰাগ কাশ্যপে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ছবি পৰিচালকজনে লিখিছে, ‘এতিয়াতো বহু আক্ৰমণ হ’বলৈ বাকী আছে। এয়া মাথো আৰম্ভণিহে।’

ছবি পৰিচালকজনে আন কেইবাটাও টুইটত লিখিছে, ‘এয়াও জানো যে ক’ৰ ক’ৰ পৰা শৰ নিক্ষেপ কৰা হ’ব সেয়াহে নাজানো। অপেক্ষাহে কৰিছো।’ তেওঁ লগতে লিখিছে, ‘মই এনে ধৰনৰ ব্যৱহাৰ নিজেও নকৰো আৰু কোনো মূল্যৰ বিনিময়তে সহ্যও নকৰো। বাকী যি হ’ব লগা আছে, দেখা যাওক। আপোনাৰ ভিডিঅ’টোতে সেয়া স্পষ্ট যে আপোনাৰ কথা কিমান সঁচা। বাকী আপোনাক মৰম আৰু আশীৰ্বাদ যাঁচিছো। আপোনাৰ ইংৰাজী টুইটৰ প্ৰত্যুত্তৰ হিন্দীতে দিলো, তাৰ বাবে ক্ষমা কৰিব।’