অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ একমাত্ৰ কন্যাৰ ওপজা দিনৰ শুভেচ্ছা

131

ষ্টাফৰিপৰ্টাৰ, অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ একমাত্ৰ কন্যা নমামীৰ জন্মদিন।মাতৃ হিচাপে আঙুৰলতা ডেকাই কন্যা নমামীক দিলে জন্মদিনৰ বিশেষ উপহাৰ।নিজে প্ৰতিচ্ছবি অংকন কৰি কন্যা নমামীক উপহাৰ দিলে আঙুৰলতাই।ছচিয়েল মিডিয়াত নিজৰ কন্যাক উদ্দেশ্যি মাতৃ আঙুৰলতাই লিখিছে,——– “নমামী তুমি আজি জীৱনৰ তিনিটা বছৰ সম্পূৰ্ণ কৰিলা৷তোমাৰ ওপজা দিনত অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সফল জীৱন আৰু সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলো।জীৱনত প্ৰতিটো দিনাই এক কৌতূহলৰ মাজত তুমি যি শিকিছা আৰু দেখিছা সেই খিনি অভিজ্ঞতাক তুমি অনাগত দিনবোৰৰ বাবে আয়ত্ত কৰিবলৈ আৰম্ভ কৰিছা৷তুমি আমাৰ ঘৰ খনৰ মাজত ডাঙৰ দীঘল হৈ যি ঘৰুৱা শিক্ষাৰে দীক্ষিত হ’বা, সেই খিনিয়েই তোমাৰ অনাগত স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি অনাগত ভৱিষ্যতলৈ তোমাৰ জীৱনত স্পষ্টকৈ পৰিস্ফুট হবলৈ ধৰিব৷”উল্লেখযোগ্য যে আঙুৰলতা ডেকাই ছচিয়েল মিডিয়াত কন্যা নমামীৰ কেইবাখনো ছবি পোষ্ট কৰিছে।