অভিনেত্ৰীৰ ভিডিঅ’ত অশ্লীল মন্তব্য, গ্ৰেপ্তাৰ যুৱক

92

ডিজিটেল ডেস্কঃ ছ’চিটেল মিডিয়াত চেলিব্ৰেটীৰ বিৰুদ্ধে প্ৰায়ে বিভিন্নজনে মন্তব্য কৰে। শেহতীয়াকৈ অভিনেতা সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ পিছত বলীউডৰ নেপটিজমক লৈ সৰৱ চৰ্চা আৰম্ভ হৈছিল। বৰুণ ধাৱান, চোনম কাপুৰ, সোনাক্ষী সিনহাকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল ছ’চিয়েল মিডিয়াত। সেই সময়তে ইনষ্টাগ্ৰামত আপলোড কৰা সোণাক্ষী সিনহাৰ এটা ভিডঅ’ত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। শুকুৰবাৰে পুৱা মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে ২৭ বৰ্ষীয় যুৱকজনক।

উল্লেখ্য যে, মহিলাৰ সুৰক্ষা সন্দৰ্ভত অভিনেত্ৰী সোণাক্ষী সিনহাই তেওঁৰ ইনষ্টাগ্ৰাম যোগে এটা ভিডিঅ’ পোষ্ট কৰিছিল ৫ আগষ্টত। সেই পোষ্টটোতে অচিনাক্ত যুৱকজনে অশ্লীল শব্দৰ ব্যৱহাৰ কৰি মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ পিছতে ৭ আগষ্টত অভিনেত্ৰীগৰাকীয়ে লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অভিনেত্ৰী সোণাক্ষী সিনহাৰ এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱকজনক। বৰ্তমান যুৱকজনক আৰক্ষী জিম্মাত লৈ সোধা পোছা চলাই থকা হৈছে। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে দিপীকা পাডুকণৰ এখন ফটোত অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল এজন যুৱক।